RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78506394
বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি

বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি

৬ ডিচেম্বৰ, ২০১৭

বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি

মাৰ্চেণ্ট ডিস্কাউণ্ট হাৰৰ যুক্তিসংগতকৰণ

১. সাম্প্ৰতিক সময়ত, পইণ্ট অব চেলছত ডেবিট কাৰ্ড লেনদেনে যথেষ্ট বৃদ্ধি দেখুৱাইছে। বাণিজ্যৰ এক বহল পৰিতন্দ্ৰইদি পণ্য তথা সেৱা ক্ৰয়ৰ বাবে ডেবিট কাৰ্ড প্ৰদানৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাৰ উদ্দেশ্যে, মাৰ্চেণ্ট শ্ৰেণী ভিত্তিক ডেবিট কাৰ্ড লেনদেনত প্ৰযোজ্য মাৰ্চেণ্ট ডিস্কাউণ্ট হাৰ (এমডিআৰ)ৰ বাবে থকা মূল সংৰচনাটো যুক্তিসংগত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। সম্পদ-লঘুগ্ৰাহীতা আন্তঃগাঁঠনি আৰু প্ৰতিটো লেনাদেনাৰ পৰম এমডিআৰ ৰাশিত এক বন্ধনীৰো দিহা দিয়া হব। বৰ্দ্ধিত ডেবিট কাৰ্ডৰ ব্যৱহাৰ আৰু জড়িত সত্ত্বাবোৰৰ বাবে ব্যৱসায়টোৰ বহনসাধ্যতা সুনিশ্চিত কৰাৰ দ্বৈত উদ্দেশ্য সাধন কৰিবলৈ সংশোধিত এমডিআৰে লক্ষ্য লৈছে। MDR on debit Card transactionৰ বাবে সংশোধিত নিৰ্দেশনা সুকীয়াকৈ আজি জাৰি কৰা হব।

ই.চি.বিবোৰক পুনৰ পুঁজি যোগান ধৰিবলৈ ভাৰতীয় বেংকবোৰৰ বহিঃদেশস্থ শাখা/উপযোজনবোৰক অনুমতি প্ৰদান

২. বৰ্তমান ভাৰতীয় যৌথখণ্ডক সিবিলাকৰ বহিঃৰাষ্ট্ৰীয় বাণিজ্যিক কৰ্জাবোৰ এক নিম্নতম অল-ইন-কস্তত পুনৰ বিত্ত যোগান ধৰিবলৈ অনুমতি দিয়া আছে। ভাৰতীয় বেংকবোৰৰ বিদেশস্থ শাখা/উপযোজনবোৰক অৱশ্যে এনে পুনৰ বিত্ত যোগানৰ অনুমতি দিয়া নাই। উভয়কে এক সমতলীয় ক্ষেত্ৰ প্ৰদানৰ কাৰণে, ভাৰত চৰকাৰৰ পৰামৰ্শ কৰি, নতুন ই.চি.বি. সংগ্ৰহেৰে AAA ৰেটিঙৰ যৌথ সত্ত্বা তথা নৱৰত্ন আৰু মহাৰত্ন পি.এছ.ইউ.বোৰৰ ই.চি.বি.বোৰলৈ পুনৰ বিত্ত যোগান ধৰিবলৈ ভাৰতীয় বেংকবোৰৰ বিদেশস্থ শাখা/উপযোজনবোৰক অনুমতি প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। এই বিষয়ক মাৰ্গনিৰ্দেশনা এসপ্তাহৰ ভিতৰত জাৰি কৰা হব।

আৱাসীসকলৰ পণ্যমূল্য বিপদশংকাৰ হেযিং সম্পৰ্কীয় কৰ্মগোটৰ প্ৰতিবেদন – ৰূপায়ণ

৩. আৱাসীসকলৰ দ্বাৰা পণ্যমূল্য বিপদশংকাৰ বেষ্টনকৰণ বিষয়ক কৰ্মগোটটোৰ (অধ্যক্ষ – শ্ৰীচন্দন সিনহা) প্ৰতিবেদনখন নৱেম্বৰ ১৬,২০১৭ত ৰাইজৰ মতামতৰ বাবে ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত প্লেচ কৰা হৈছিল। গোটটোৰ ঘাই পৰামৰ্শাৱলীৰ ভিতৰত আছে- নিৰাপত্তা বেষ্টনকৰণ-সম্ভৱ শস্যৰ পণ্য আৰু মজুত পণ্য হেযিং, মূল্য নিৰ্ধাৰণ হেযিং আৰু লগতে বহিঃদেশস্থ পণ্য অৱকলনৰ পৰা উদ্ভুত কাৰেন্সি বিপদশংকাৰ হেযিঙৰ বাবে এখন পজিটিভ লিষ্ট সৃষ্টি। ৰিজাৰ্ভ বেংকে গোটটোৰ পৰামৰ্শাৱলী আৰু ৰাইজৰ মতামতবোৰ চালিজাৰি চাব। সংশোধিত নিৰ্দেশসহ চাৰ্কুলাৰ এখন ১৫ জানুৱাৰী,২০১৮লৈ জাৰি কৰা হব।

জোস জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৫৪৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?