RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492613
আৰ বি আয়ে ডিচেম্বৰ, ২০১৬ লানি গৃহস্থালীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা জৰীপ আৰম্ভ কৰিছে

আৰ বি আয়ে ডিচেম্বৰ, ২০১৬ লানি গৃহস্থালীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা জৰীপ আৰম্ভ কৰিছে

২৬ ডিচেম্বৰ,২০১৬

আৰ বি আয়ে ডিচেম্বৰ, ২০১৬ লানি গৃহস্থালীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা জৰীপ আৰম্ভ কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়মীয়াকৈ গৃহস্থালীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা জৰীপ চলাই আহিছে। ডিচেম্বৰ, ২০১৬ লানি জৰীপ এতিয়া ১৮খন মহানগৰী – আহমেদাবাদ, বাংগালুৰু, ভূপাল, ভূৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, দিল্লী, গুৱাহাটী, হাইদৰাবাদ, জয়পুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, পাটনা, ৰায়পুৰ, ৰাঁচী আৰু তিৰুৱনন্থপুৰমত আৰম্ভ কৰা হৈছে। এই জৰীপে গৃহস্থালীৰ পৰা পৰৱৰ্ত্তী তিনি মাহ আৰু পৰৱৰ্ত্তী এবছৰত মূল্য পৰিৱৰ্তন (সাধাৰণ মূল্য আৰু নিৰ্দিষ্ট সামগ্ৰী গোটৰ মূল্য) সম্পৰ্কে গুণগত সঁহাৰি আৰু মুদ্ৰাস্ফীতি হাৰৰ চলিত, তিনিমাহ পূৰ্বে আৰু এবছৰ পূৰ্বে পৰিমাণগত সঁহাৰি বিচাৰে। এই জৰীপৰ ফলাফলে সাৰ্থক নীতিগত তথ্যাৱলী আগবঢ়ায়। মুদ্ৰাস্ফীতি প্ৰত্যাশাসমূহ হল জৰীপটোত অন্তৰ্ভুক্ত গৃহস্থালীসমূহৰ স্বানুভূতিজাত মুল্যাংকন আৰু গৃহস্থালীৰ গাইগুটীয়া উপভোগ সম্ভাৰ ভিত্তিক মূল্যায়ন।

মেছাৰ্চ হন্স ৰিচাৰ্ছ প্ৰাইভেট লিমিটেড, মুম্বাই নামৰ এজেন্সিটোক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এইলানি জৰীপ চলোৱাৰ কামত নিয়োজিত কৰা হৈছে। ইয়াৰ বাবে এজেন্সিটোৱে গৃহস্থালীসমূহক লগ ধৰিব আৰু নিৰ্বাচিত গৃহস্থালীসমূহক সমিধান দিবলৈ অনুৰোধ কৰা হল। এজেন্সিটোৱে লগ নধৰা অন্যান্য ব্যক্তিসকলেও Link Survey Schedule (Form-Survey) ব্যৱহাৰ কৰি এই জৰীপত অংশগ্ৰহণ কৰিব পাৰিব। Survey Schedule ত পূৰোৱা তথ্যাৱলী নিম্নোল্লেখিত যোগাযোগ সবিশেষলৈ e-mail কৰিব লাগিব। যিকোনো প্ৰশ্ন/স্পষ্টীকৰণৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে-

সঞ্চালক, গৃহস্থালী জৰীপ প্ৰভাগ, পৰিসংখ্যা তথ্য ব্যৱস্থাপনা বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক, ডি-৮, ষষ্ঠ মহলা, বান্দ্ৰা কুৰ্লা কমপ্লেক্স, বান্দ্ৰা (ইষ্ট), মুম্বাই-৪০০০৫১, ফোন – ০২২-২৬৫৭৮৩৯৮, ০২২-২৬৫৭৮৩৩২, ফেক্স- ০২২-২৬৫৭১৩২৭, e-mail কৰিবলৈ ইযাত click কৰক।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৬৫০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?