RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490389
এছ বি এনৰ বিনিময়ৰ বাবে বিদেশত থকা নাগৰিক আৰু প্ৰৱাসী ভাৰতীয়ৰ কাৰণে আৰ বি আইৰ সুবিধা প্ৰৱৰ্তন

এছ বি এনৰ বিনিময়ৰ বাবে বিদেশত থকা নাগৰিক আৰু প্ৰৱাসী ভাৰতীয়ৰ কাৰণে আৰ বি আইৰ সুবিধা প্ৰৱৰ্তন

৩১ ডিচেম্বৰ, ২০১৬

এছ বি এনৰ বিনিময়ৰ বাবে বিদেশত থকা নাগৰিক আৰু প্ৰৱাসী ভাৰতীয়ৰ কাৰণে আৰ বি
আইৰ সুবিধা প্ৰৱৰ্তন

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৯ নৱেম্বৰ, ২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত বিদেশত থকা ভাৰতীয় নাগৰিক আৰু প্ৰৱাসী ভাৰতীয় (এন আৰ আই) নাগৰিকলৈ এটা সুযোগ আগবঢ়োৱাৰ উদ্দেশ্যে facility of exchange of specified bank notes (SBN) সুবিধা এটা আগবঢ়াইছে।

৯ নৱেম্বৰ, ২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত বিদেশত থকা আৱাসী ভাৰতীয় নাগৰিকসকলে ৩১ মাৰ্চ, ২০১৭ পৰ্যন্ত এই সুবিধা লাভ কৰিব পাৰিব আৰু ৯ নৱেম্বৰ, ২০১৬ৰ পৰা ৩০ ডিচেম্বৰ,২০১৬ৰ সময়ছোৱাত বিদেশত থকা প্ৰৱাসী ভাৰতীয়সকলে ৩০ জুন, ২০১৭ পৰ্যন্ত এই সুবিধা লাভ কৰিব পাৰিব।

যোগ্য আৱাসী ভাৰতীয় নাগৰিকৰ বাবে বিনিময়ৰ কোনো মৌদ্ৰিক সীমা নাই যদিও এন আৰ আইসকলৰ বাবে সীমা সংশ্লিষ্ট এফ ই এম এ বিনিয়ম অনুযায়ী হব।তেওঁলোকে এই সময়ছোৱাত আধাৰ নম্বৰ, স্থায়ী একাউণ্ট নম্বৰ (পি এ এন) আদি পৰিচয়জ্ঞাপক নথি দাখিল কৰি, আৰু উক্ত সময়ছোৱাত তেওঁলোক বিদেশত থকাৰ প্ৰমাণসূচক নথি দাখিল কৰি আৰু ইয়াৰ পূৰ্বে বিনিময় সুবিধা গ্ৰহণ নকৰা বুলি, এন আৰ আই আদিয়ে এছ বি এন আমদানিৰ সীমা শুল্ক প্ৰমাণপত্ৰ দাখিল কৰি গাইগুটিয়া সামৰ্থ্যৰে এবাৰকৈ বিনিময় সুবিধা গ্ৰহণ কৰিব পাৰিব। এই সুবিধাৰ অধীনত কোনো তৃতীয় পক্ষই নিবেদন কৰা এছ বি এন গ্ৰহণ কৰা নহব।

চৰ্তাৱলী পৰিপূৰণ আৰু নিবেদিত নোটবোৰৰ যথাৰ্থতা সাপেক্ষে গ্ৰহণযোগ্য ৰাশিখিনি নিবেদকৰ কে ৱাই চি সন্মত একাউণ্টত জমাভুক্ত কৰা হব।

এই সুবিধা আৱাসীসকলৰ বাবে ২ জানুৱাৰী, ২০১৭ৰ পৰা ৩১ মাৰ্চ,২০১৭ পৰ্যন্ত আৰু প্ৰৱাসী ভাৰতীয়ৰ বাবে ২ জানুৱাৰী, ২০১৭ৰ পৰা ৩০ জুন, ২০১৭লৈকে খোলা থাকিব।

ৰিজাৰ্ভ বেংকৰ মুম্বাই, নতুন দিল্লী, চেন্নাই, কলকাতা আৰু নাগপুৰস্থিত কাৰ্যালয়সমূহৰ যোগেদি এই সুবিধা লাভ কৰিব পৰা যাব।

নেপাল, ভূটান, পাকিস্তান আৰু বাংলাদেশত থকা ভাৰতীয় নাগৰিকসকলে এই সুবিধা লাভ কৰিব নোৱাৰে।

ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তটোত বিতুষ্ট যিকোনো ব্যক্তিয়ে এই জ্ঞাপনৰ চৈধ্য (১৪) দিনৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডত তেওঁক জনোৱা অমান্তিৰ বিষয়ে আপীল কৰিব পাৰিব। এনে আৰ্জি কেন্দ্ৰীয় বোৰ্ড, ভাৰতীয় ৰিজাৰ্ভ বেংক, সচিবৰ বিভাগ, কেন্দ্ৰীয় কাৰ্যালয় ভৱন, ১৬তম মহলা, শ্বহীদ ভগত্ সিং মাৰ্গ, মুম্বাই- ৪০০০০১ৰ ঠিকনাত পোৱাকৈ পঠিয়াব লাগিব।

এই সুবিধাৰ অধিক সবিশেষৰ বাবে আৰ বি আইৰ ৱেবছাইট /en/web/rbi ত যোগাযোগ কৰিব পাৰে।

ভাৰত চৰকাৰৰ দিনাংক ৩০ ডিচেম্বৰ, ২০১৬ৰ নিৰ্দিষ্ট বেংকনোট (দেয়তা পৰিসমাপ্তি) অধ্যাদেশ, ২০১৬ৰ ধাৰা ৪(১) সমন্বিতে অধিসূচনা এছ অ.৪২৫১(ই) দিনাংক ৩০ ডিচেম্বৰ, ২০১৬ৰ বিধিব্যৱস্থা অনুযায়ী এই সুবিধা প্ৰৱৰ্তন কৰা হৈছে।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৭২৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?