মীৰাট, উত্তৰ প্ৰদেশৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে
আৰ বি আয়ে দ্য মাৰ্কেণ্টাইল আৰবান কো-অপাৰেটিভ বেংক লিমিটেড,
মীৰাট, উত্তৰ প্ৰদেশৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে
৩ এপ্ৰিল, ২০১৭ আৰ বি আয়ে দ্য মাৰ্কেণ্টাইল আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে অধিসূচিত কৰা হল যে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে দিনাংক ৩০ মাৰ্চ,২০১৭ আদেশযোগে, বেংকিং বিনিয়ম আইন,১৯৪৯ৰ (সমবায় সমিতিৰ প্ৰযোজ্য মতে) ধাৰা ৫৬ সমন্বিতে পঠিত বি আৰ আইন,১৯৪৯ৰ ধাৰা ২২ৰ অন্তৰ্গত, বেংকিং ব্যৱসায় চলোৱাৰ বাবে দ্য মাৰ্কেণ্টাইল আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মীৰাট, উত্তৰ প্ৰদেশক মঞ্জুৰ কৰা অনুজ্ঞাপত্ৰ বাতিল কৰিছে। এতেকে, বেংকটোক বেংকিং বিনিয়ম আইন,১৯৪৯ (সমবায় সমিতিৰ প্ৰযোজ্য মতে)ৰ ধাৰা ৫(খ)ত সংজ্ঞাৰোপিত অনুযায়ী বেংকিংৰ ব্যৱসায়িক লেনদেন কৰাৰ পৰা ইয়াৰ লগে লগে বাৰণ কৰা হৈছে, যি বাৰণত জমাৰ গ্ৰহণ/পৰিশোধো অন্তৰ্ভুক্ত আছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৬১ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: