ৰাইজে ১০ টকীয়া ধাতব মুদ্ৰাসমূহ বিধিগ্ৰাহ্য মুদ্ৰা হিচাপে লৈ থাকিব পাৰে : আৰ বি আই
২০ নৱেম্বৰ, ২০১৬ ৰাইজে ১০ টকীয়া ধাতব মুদ্ৰাসমূহ বিধিগ্ৰাহ্য মুদ্ৰা হিচাপে লৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰে টাকশালত প্ৰস্তুত কৰা মুদ্ৰাসমূহ প্ৰচলন কৰে। এইবোৰৰ স্বাতন্ত্ৰ্যসূচক বৈশিষ্ট্যাৱলী আছে। ৰাইজৰ লেনদেনৰ চাহিদা পূৰাবৰ কাৰণে ন-ন মূল্যৰ মুদ্ৰা আৰু বিভিন্ন বিষয়বস্তু অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক প্ৰতিফলিত কৰি ন-ন আৰ্হিৰ মুদ্ৰা সময়ে সময়ে প্ৰচলন কৰা হয়। দীঘলীয়া অবধিৰ বাবে মুদ্ৰাবোৰৰ প্ৰচলন হৈ থকা হেতুকে বিভিন্ন আৰ্হিৰ আৰু বিভিন্ন আকাৰৰ মুদ্ৰাবোৰ একে সময়তে প্ৰচলন হৈ থকাটো নিতান্তই সম্ভব। জুলাই,২০১১ৰ মুদ্রাবোৰত ৰুপী প্ৰতীকটো প্ৰৱৰ্তন কৰাটোও এনে এক পৰিৱৰ্তন। ইয়াৰ এটা উদাহৰণ হ’ল ১০ টকীয়া মুদ্ৰাবোৰত ৰূপী প্ৰতীকটো আছে আৰু একে মূল্যৰ ১০ টকীয়া মুদ্ৰা ৰূপী প্ৰতীক নোহোৱাকৈও আছে। উভয়বিধ মুদ্ৰা বিধিগ্ৰাহ্য মুদ্ৰা আৰু লেনদেনৰ বাবে একে ধৰণে সূচল যদিওবা দুয়োবিধ দেখাত সামান্য সুকীয়া। একাংশ স্বলপজ্ঞ ব্যক্তি অথবা অজ্ঞ ব্যক্তিয়ে এনেবোৰ মুদ্ৰাৰ যথাৰ্থতাক সন্দেহ কৰি বেপাৰী-দোকানীকে ধৰি সৰ্বসাধাৰণৰ মনত সন্দেহ উপজোৱা অনাহক আশংকা যোগাই দেশৰ কেইটামান সীমাবদ্ধ অঞ্চলত এই মুদ্ৰাবোৰৰ প্ৰচলন বিঘ্নিত কৰা বুলি জনা হৈছে। ৰিজাৰ্ভ বেংকে ৰাইজক এনে বিভ্ৰান্তমূলক ধাৰণাক প্ৰশ্ৰয় নিদিবলৈ আৰু সেইবোৰক উপেক্ষা কৰি বিনা শংকাই এই মুদ্ৰাবোৰক নিজৰ লেনদেনত বিধিগ্ৰাহ্য মুদ্ৰা হিচাপে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। এই মুদ্ৰাবোৰৰ বিষয়ে অধিক তথ্যৰ বাবে নিম্নোক্ত লিংকসমূহত যোগাযোগ কৰক- /en/web/rbi/press-releases
আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১২৫৭ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: