RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78511763
অনা-বেংকিং বিত্তীয় কোম্পানীৰ বাবে লোকপাল আঁচনি, ২০১৮

অনা-বেংকিং বিত্তীয় কোম্পানীৰ বাবে লোকপাল আঁচনি, ২০১৮

ডেপুটী গৱৰ্ণৰ

২৩ ফেব্ৰুৱাৰী, ২০১৮

অনা-বেংকিং বিত্তীয় কোম্পানীৰ বাবে লোকপাল আঁচনি, ২০১৮

ৰেফ.চিইপিডি.পিআৰএছ.নং৩৫৯০/১৩.০১.০০৪/২০১৭-১৮

ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ৪৫ ঠৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হব পাৰিছে যে অনা-বেংকিং কোম্পানীসমূহ (এনবিএফচি)বোৰৰ মাজত অনুকূল ঋণ সংস্কৃতিৰ প্ৰসাৰ ঘটোৱাত আৰু ইয়াৰ সুবিধাৰ্থে দেশৰ ঋণ প্ৰণালীটোৰ নিয়ন্ত্ৰণৰ বাবে ইয়াক সমৰ্থ কৰিবৰ কাৰণে জমা, ধাৰ আৰু অগ্ৰিম তথা অন্যান্য নিৰ্ধাৰিত বিষয়বোৰৰ সেৱাৰ ক্ষেত্ৰত বিচ্যুতিৰ বিৰুদ্ধে অভিযোগ নিৰসনৰ বাবে লোকপাল ব্যৱস্থা এটা আগবঢ়োৱাটো প্ৰয়োজন বুলি বিবেচনা কৰি আৰবিআয়ে এই মৰ্মে নিৰ্দেশ দিয়ে যে এনবিএফচি বিলাক, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-ঝ(চ)ত সংজ্ঞাৰোপিত মতে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-ঝকৰ অন্তৰ্গত আৰবিআইত পঞ্জীভুক্ত মতে যাৰ অধীনত (ক) এনবিএফচিবোৰক জমা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে, অথবা (খ) আগৰ বিত্তীয় বৰ্ষটোৰ হিচাপ পৰীক্ষিত উদ্ধৃত্ত পত্ৰৰ তাৰিখত এক বিলিয়ন বা ততোধিক পৰিমাণ টকাৰ গ্ৰাহক ভিত্তি আছে, বা আৰবিআয়ে নিৰ্ধাৰণ কৰিব পৰা যিকোনো আকাৰৰ সম্পদ আছে, তেনে এনবিএফচি ইয়াৰ গণ্ডীত পৰিব আৰু Ombudsman Scheme for Non-Banking Financial Companies, 2018ৰ উপবন্ধবোৰ অনুপালন কৰিব লাগিব।

২. অনা-বেংকিং বিত্তীয় কোম্পানী – আন্তঃগাঁঠনি বিত্তীয় কোম্পানী (NBFC-IFC), মূল বিনিয়োগ কোম্পানী (চিআইচি), আন্তঃগাঁঠনি ধাৰ পুঁজি – অনা-বেংকিং বিত্তীয় কোম্পানী (আইডিএফ- এনবিএফচি) আৰু অব্যৱসায়নাধীন এনবিএফচিক আঁচনিখনৰ গণ্ডীৰ বাহিৰত ৰখা হৈছে।

৩. প্ৰাৰম্ভতে, সকলো জমা গ্ৰহণকাৰী এনবিএফচিত আঁচনিখন প্ৰৱৰ্তন কৰা হব আৰু প্ৰাপ্ত অভিজ্ঞতাৰ ভিত্তিত, চিনাক্তকৃত অৱশিষ্ট শ্ৰেণীৰ এনবিএফচিবোৰক অন্তৰ্ভুক্ত কৰি আঁচনিখনৰ সম্প্ৰসাৰণ ঘটোৱা হব। সদ্যহতে চাৰিটা বৃহত্ মহানগৰীয় কেন্দ্ৰ – চেন্নাই, কলকাতা, মুম্বাই আৰু নতুন দিল্লীত ইয়াক প্ৰৱৰ্ত্তন কৰা হৈছে যাতে ইয়াৰ অভিজ্ঞতাৰ ভিত্তিত সমগ্ৰ দেশকে সামৰিব পৰা হয়। এই কাৰ্যালয়কেইটাৰ ক্ষেত্ৰাধিকাৰত পৰা অঞ্চলসমূহ এনেক্স-১ত সন্নিৱিষ্ট কৰা হৈছে।

৪. ২৩ ফেব্ৰুৱাৰী, ২০১৮ৰ পৰা আঁচনিখন কাৰ্যকৰী আৰু বলবত্ হৈছে।

সাক্ষৰ
(বি.পি. কানুনগ’)

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?