প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬
আৰ বি আই/২০১৬-১৭/১৮৭ ১৬ ডিচেম্বৰ,২০১৬ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মহাশয়/মহাশয়া, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬ Government of India has vide the notification No.S.O.4061(E) dated December 16, 2016 যোগে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ) ঘোষণা কৰিছে। এই আঁচনিখন প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০১৬ৰ বাবে কৰাৰোপ আৰু বিনিয়োগ বিধি পদ্ধতিৰ অধীনত প্ৰতিগৰাকী ঘোষণাকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হব। ২. জমাৰ বাবে যোগ্যতা – প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০১৬ৰ বাবে কৰাৰোপ আৰু বিনিয়োগ বিধি পদ্ধতিৰ অনুচ্ছেদ ১৯৯গৰ উপ-অনুচ্ছেদ (১)ৰ অধীনত অঘোষিত আয় ঘোষণা কৰা যিকোনো ব্যক্তিয়ে ১৭ ডিচেম্বৰ, ২০১৬ৰ পৰা ৩১ মাৰ্চ, ২০১৭ পৰ্যন্ত এই আঁচনিখনৰ অন্তৰ্গত জমা ৰাখিব পাৰিব। ৩. জমাৰ আকাৰ – এই জমাসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰখা বণ্ড লেজাৰ একাউণ্টত ঘোষণাকাৰীৰ প্ৰাপ্য ধন হিচাপ ৰখা হব। ঘোষণাকাৰীক Form-1 ত ধাৰকৰ প্ৰমাণ-পত্ৰ এখন দিয়া হব। ভাৰতীয় ৰিজাৰ্ভ বেংকে এই আঁচনিৰ অধীনত প্ৰাপ্ত জমাৰাশি ভাৰত চৰকাৰৰ ৰাজহুৱা একাউণ্টত মনোনীত সংৰক্ষিত পুঁজিলৈ স্থানান্তৰিত কৰিব। বণ্ড লেজাৰ একাউণ্টৰ আকাৰত জমাৰ বাবে ,দিয়া আবেদন, বেংকিং বিনিয়ম আইন ১৯৪৯ (১৯৪৯ৰ ১০) প্ৰযোজ্য (ইয়াৰ পাছত কৰ্তৃত্বপ্ৰাপ্ত বেংক হিচাপে উল্লেখিত) যিকোনো বেংকিং কোম্পানীয়ে গ্ৰহণ কৰিব। (খ) কৰ্তৃত্বপ্ৰাপ্ত বেংকে Form V ত ভৰোৱা জমাৰ সবিশেষবোৰ ইলেকট্ৰনিক পদ্ধতিৰে পৰৱৰ্ত্তী কৰ্মদিনৰ ভিতৰত ৰাজহ বিভাগ, বিত্ত মন্ত্ৰণালয়, ভাৰত চৰকাৰক দাখিল কৰিব যাতে বিভাগে ঘোষণাটো গ্ৰহণ কৰাৰ পূৰ্বে জমাৰ তথ্যবোৰ সাব্যস্ত কৰিব পাৰে। (গ) কৰ্তৃত্বপ্ৰাপ্ত বেংকে জমাৰ সবিশেষবোৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ক’ৰ বেংকিং চলিউশ্যন ই-কুবেৰত আপলড কৰিব। (ঘ) ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কৰ্তৃত্বপ্ৰাপ্ত বেংকে এই সন্দৰ্ভত পোৱা তথ্যসমূহৰ গোপনীয়তা ৰক্ষা কৰিব। ৫. বণ্ড লেজাৰ একাউণ্টত গ্ৰাহকত্ব আৰু বিনিয়োগৰ প্ৰকাৰ- (ক) জমাসমূহ সকলো কৰ্তৃত্বপ্ৰাপ্ত বেংকত গ্ৰহণ হব। (খ) এশ টকাৰ গুণীতকত জমাসমূহ ৰখা হব। (গ) ঘোষণাকাৰীৰ জমাৰাশি, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০১৬ৰ বাবে কৰ তথা বিনিয়োগ বিধি পদ্ধতিৰ অনুচ্ছেদ ১৯৯গৰ উপ-অনুচ্ছেদ (১)ৰ অধীনত ঘোষণা কৰা অঘোষিত আয়ৰ ২৫ শতাংশৰ কম হব নোৱাৰিব। (ঘ) জমাসমূহ, নগদ আকাৰত অথবা ড্ৰাফ্ট বা এনে জমা গ্ৰহণকাৰী কৰ্তৃত্বপ্ৰাপ্ত বেংকটোৰ নামত কটা চেকৰ, আকাৰত অথবা ইলেকট্ৰনিক স্থানান্তৰণযোগে কৰা হব। ৬. জমাৰ কাৰ্যকৰী তাৰিখ – নগদ দাখিলৰ তাৰিখ বা ড্ৰাফ্ট বা চেক বা ইলেকট্ৰনিক স্থানান্তৰণৰ আদায়কৰণ তাৰিখটোৱেই বণ্ড লেজাৰ একাউণ্ট খোলাৰ কাৰ্যকৰী তাৰিখ হব। ৭. আবেদন – ৰাশি, সম্পূৰ্ণ নাম, স্থায়ী একাউণ্ট নম্বৰ (ইয়াৰ পাছত পি এ এন হিচাপে উল্লেখিত), বেংক একাউণ্টৰ সবিশেষ (বিমোচন সমুত্পন্ন ধন গ্ৰহণৰ বাবে), আৰু ঘোষণাকাৰীৰ ঠিকনা স্পষ্টকৈ উল্লেখ কৰি Form-II ত, এই আঁচনিৰ অধীনত জমাৰ বাবে আবেদন কৰিব লাগিব। ঘোষণাকাৰীৰ পি এ এন ধাৰণ কৰা নাথাকিলে, তেওঁ এক পি এ এনৰ বাবে আবেদন কৰিব আৰু প্ৰাপ্তি স্বীকাৰ নম্বৰ সমন্বিতে পি এ এন আবেদনৰ সবিশেষ দাখিল কৰিব। (খ) উপ-দফা(ক)ৰ অন্তৰ্গত আবেদনখনৰ লগত অঘোষিত ৰাশিৰ কমেও ২৫ শতাংশ ধন নগদ বা ড্ৰাফ্ট বা চেকৰ আকাৰত অথবা দফা ৫ৰ উপ-দফা(গ) আৰু (ঘ)ৰ অন্তৰ্গত প্ৰদত্তমতে ইলেকট্ৰনিক স্থানান্তৰণৰ আকাৰত থাকিব লাগিব। ৮. মনোনয়ন – (ক) একক ধাৰক বা বণ্ড লেজাৰ একাউণ্টৰ একমাত্ৰ জীৱিত ধাৰকে ব্যক্তি হিচাপে এক বা ততোধিক ব্যক্তিক Form III ত মনোনীত কৰিব পাৰিব যি নেকি তেওঁৰ মৃত্যুৰ ক্ষেত্ৰত বণ্ড লেজাৰ একাউণ্টৰ আইনতঃ অধিকাৰ প্ৰাপ্ত হব আৰু একাউণ্টত থকা ৰাশিৰ প্ৰাপ্তিযোগ্য হব। (খ) দুই বা ততোধিক মনোনীত ব্যক্তিক কোনো ৰাশি প্ৰদান কৰিবলগীয়া হলে, আৰু এনে প্ৰদান দেয় হোৱাৰ পূৰ্বে তেওঁলোকৰ কোনোবাৰ মৃত্যু হলে বণ্ড লেজাৰ একাউণ্টৰ অধিকাৰীত্ব জীৱিত মনোনীত ব্যক্তিগৰাকী বা ব্যক্তিসমূহক ন্যস্ত কৰা হব আৰু সেই মতে দেয় ৰাশি প্ৰদান হব। ধাৰকৰ মৃত্যুৰ পূৰ্বে মনোনীত ব্যক্তি বা ব্যক্তিসকলৰ মৃত্যু হলে, ধাৰকে নতুন ব্য়ক্তিক মনোনীত কৰিব পাৰিব। (গ) বণ্ড একাউণ্ট ধাৰকে কৰা মনোনয়নক নতুন মনোনয়নেৰে অদল-বদল কৰিব পাৰিব বা কৰ্তৃত্বপ্ৰাপ্ত বেংকটোৰ Form IV ত লিখিত আকাৰত দিয়া জাননীৰে বাতিল কৰিব পাৰিব। (ঘ) প্ৰতিটো মনোনয়ন আৰু প্ৰতিটো বাতিলকৰণ বা অদল-বদলকৰণ কৰ্তৃত্বপ্ৰাপ্ত বেংকটোৰ যোগেদি ভাৰতীয় ৰিজাৰ্ভ বেংকত পঞ্জীভুক্ত হব আৰু এনে পঞ্জীকৰণৰ তাৰিখটোৰ পৰা কাৰ্যকৰী হব। (ঙ) মনোনীত ব্যক্তিগৰাকী নাবালক হলে, বণ্ড লেজাৰ একাউণ্ট ধাৰকে যিকোনো ব্যক্তিক বণ্ড লেজাৰ একাউণ্টটো গ্ৰহণ কৰিবলৈ বা তেওঁৰ মৃত্যু হলে দেয় ৰাশি গ্ৰহণ কৰিবলৈ নিযুক্তি দিব পাৰে। ৯. হস্তান্তৰণত্ব – বণ্ড লেজাৰ একাউণ্টৰ হস্তান্তৰণত্ব মনোনীত ব্যক্তি বা তেওঁৰ মৃত্যুৰ ক্ষেত্ৰত গাইগুটীয়া ধাৰকৰ আইনগত উত্তৰাধিকাৰীলৈ সীমিত থাকিব। ১০. সুত – এই জমাৰ ওপৰত কোনো সুত নাথাকে। ১১. বণ্ড লেজাৰ একাউণ্টৰ বিপৰীতে কাৰবাৰ – বণ্ড লেজাৰ একাউণ্ট কিনা-বেচাযোগ্য নহয়। ১২. পৰিশোধ – জমাৰ তাৰিখৰ পৰা চাৰি বছৰ উকলি যোৱাত বণ্ড লেজাৰ একাউণ্ট পৰিশোধ কৰা হব আৰু পৰিপক্কতাৰ পূৰ্বে ইয়াৰ বিমোচন নহব। ১৩. ব্যাখ্যা – এই অধিসূচনাত ব্যৱহৃত শব্দ আৰু উক্তিবোৰ যাৰ সংজ্ঞাৰোপন হোৱা নাই কিন্তু আয়কৰ আইন ১৯৬১ (১৯৬১ৰ ৪৩), চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) বা বিত্ত আইন ২০১৬ত (২০১৬ৰ ২৮) সংজ্ঞাৰোপিত আছে, সেইবোৰৰ সংশ্লিষ্ট আইনসমূহত কৰা মতেই অৰ্থ হব। আপোনাৰ বিশ্বাসী, (ৰাজেন্দ্ৰ কুমাৰ) |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: