বৰ্তমানৰ ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – কাউণ্টাৰেদি বিনিময়
আৰ বি আই/২০১৬-১৭/১৩৯ ১৭ নৱেম্বৰ, ২০১৬ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, মহাশয়/মহাশয়া বৰ্তমানৰ ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – কাউণ্টাৰেদি বিনিময় অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ Circular No.DCM (plg) No. 1226/10/27/00/2016-17 dated November 08, 2016 ৰ উল্লেখ লওক। ২. পৰ্যালোচনা সাপেক্ষে এই মৰ্মে সিদ্ধান্ত লোৱা হয় যে ১৮ নৱেম্বৰ, ২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ কাউণ্টাৰেদি এছবিএন নগদ বিনিময়ৰ সীমা ২০০০ টকা হব। এই সুবিধা প্ৰতি ব্যক্তিৰ বাবে মাত্ৰ এবাৰকৈহে উপলব্ধ হব। ৩. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰিব। আপোনাৰ বিশ্বাসী (পি. বিজয় কুমাৰ) |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: