ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰত নিৰ্দিষ্ট বেংকনোট (এছবিএন)ৰ জমা
আৰ বি আই/২০১৬-১৭/১৫১ ২৩ নৱেম্বৰ, ২০১৬ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, মহাশয়/মহাশয়া ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰত নিৰ্দিষ্ট বেংকনোট (এছবিএন)ৰ জমা অনুগ্ৰহ কৰি বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটবোৰৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ সম্পৰ্কীয় আমাৰ Circular No.DCM (plg) No. 1226/10.27.00/2016-17 dated November 8, 2016 ৰ সন্দৰ্ভলৈ আহক। ২. আমি এই মৰ্মে দিহা দিও যে ভাৰত চৰকাৰে ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ গ্ৰাহকক, ক্ষুদ্ৰ সঞ্চয় আঁচনিত এছ বি এন জমা দিয়াৰ অনুমতি নিদিবলৈ সিদ্ধান্ত লৈছে। সেয়ে, ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰত তত্কালে কাৰ্যকৰী হোৱাকৈ জমাৰ বাবে এছ বি এন গ্ৰহণ নকৰিবলৈ বেংকসমূহক দিহা দিয়া হল। ৩. প্ৰাপ্তি স্বীকাৰ কৰে যেন। আপোনাৰ বিশ্বাসী (পি. বিজয় কুমাৰ) |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: