চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬
১৪ জানুৱাৰী, ২০১৬ চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬ ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ মন্ত্ৰণা ক্ৰমে Sovereign Gold Bonds ৰ দ্বিতীয়টো কিস্তি জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। বণ্ডবোৰৰ বাবে আবেদনপত্ৰ ১৮ জানুৱাৰী, ২০১৬ৰ পৰা ২২ জানুৱাৰী, ২০১৬লৈকে গ্ৰহণ কৰা হ’ব। বণ্ডবোৰ ৮ ফেব্ৰুৱাৰী, ২০১৬ত জাৰি কৰা হ’ব। বণ্ডবোৰ বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছএইছচিআইএল), মনোনীত ডাকঘৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জবোৰ তদৰ্থে, নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি বিক্ৰী কৰা হ’ব। এই বণ্ডৰ জাৰিযোগে লোৱা ধাৰ, ভাৰত চৰকাৰৰ বজাৰ ঋণ কাৰ্যসূচীৰ অংশ হৈ থাকিব। স্মৰণীয় যে মাননীয় বিত্তমন্ত্ৰীয়ে ২০১৫-১৬ৰ কেন্দ্ৰীয় বাজেটত ধাতৱ সোণ ক্ৰয়ৰ বিকল্প হিচাপে এক বিত্তীয় সম্পদ, চভাৰেইন গল্ড বণ্ড, বিকশোৱাৰ বিষয়ে ঘোষণা কৰিছিল। সেইমতে, প্ৰথমটো কিস্তি নৱেম্বৰ ৫ৰ পৰা নৱেম্বৰ ২০, ২০১৬ত ক্ৰয়-নিবিদাৰ বাবে মুকলি কৰা হৈছিল। এই বণ্ডৰ বৈশিষ্ট্যবোৰ তলত দিয়া হ’ল-
অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৫-২০১৬/১৬৬৩ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: